Page Header Background

বিদ্যালয়ৰ ইতিহাস

১৯৬৪ চনৰ পৰা শিক্ষাৰ আলোক বিলাই অহা আমাৰ গৌৰৱময় যাত্ৰা

বিদ্যালয়ৰ প্ৰতিষ্ঠাপক

বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হ'ল প্ৰয়াত তিলেশ্বৰ পাটৰ দেৱ। তেখেতৰ ঘৰ ঢকুৱাখনাৰ বাঁহপৰা গাঁৱত। সেই সময়ত পাটৰ দেৱে ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ আছিল।

বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল পি.ডব্লিউ.ডিৰ ইঞ্জিনিয়াৰ হিৰণ্য গোস্বামীদেৱ। আৰু প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত চেনিৰাম চায়েঙ্গীয়া

স্থাপনৰ কাহিনী

সেই সময়ত পি.ডব্লিউ.ডি আৰু চাৰ্কোল অফিচত কৰ্মৰত বাহিৰৰ পৰা অহা বিষয়া কৰ্মচাৰীৰ সন্তান সকলৰ পঢ়িবলৈ ওচৰত কোনো প্ৰাথমিক বিদ্যালয় নাছিল। সেইবাবেই পাটৰ দেৱক মাতি আনি এটা চৰকাৰী গৃহত থকাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰী সকলক পঢ়োৱাৰ দায়িত্ব দিয়া হৈছিল। তেখেতৰ দৰমহা অফিচে বহন কৰিছিল।

বৰ্ত্তমানৰ পি.ডব্লিউ.ডি ৰ গুডাম ঘৰৰ পিছফালে এটা লেবাৰ লাইন আছিল। তাৰ সমীপৰে এটা ঘৰত প্ৰথম স্কুলখন আৰম্ভ হৈছিল। জানুৱাৰীত স্থাপন কৰা বিদ্যালয়খন আগষ্ট মাহত নতুন ঠাইলৈ স্থানান্তৰিত কৰা হয়।

নতুন বিদ্যালয় ঘৰ নিৰ্মাণ

নতুন বিদ্যালয় ঘৰটো এচ.ডি.অ' হৰেন্দ্ৰ নাথ ব্ৰহ্মৰ তত্বাৱধানত অফিচৰ লেবাৰ সকলক লগাই বনোৱা হৈছিল। ঘৰটোৰ খুটাবোৰ আছিল দলঙত ব্যৱহাৰ কৰা শালকাঠৰ খুটা। ঘৰটোৰ কাঠৰ কাম ভকত গাঁৱৰ কাঠ মিস্ত্ৰী প্ৰয়াত সুৰেণ শৰ্মাই কৰিছিল।

মাটি দান

বিদ্যালয়খন স্থাপন কৰা মাটিডোখৰ স্থানীয় ম'হ পালক সুন্দৰ ভৰালীয়ে দান দিছিল। তাত তেওঁৰ ম'হৰ খুটি আছিল।

পৰিচালনা সমিতিৰ সভাপতি সকল

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য গোস্বামী দেৱৰ পিছৰ পৰা পি.ডব্লিউ.ডিৰ ইঞ্জিনিয়াৰেই এই পদবীত আছিল। চৰকাৰী নতুন নীতি-নিৰ্দ্দেশনা অনুসৰি পদবীৰ দায়িত্ব অভিভাৱকে লব লগা হয়।

1 হিৰণ্য গোস্বামী
2 প্ৰয়াত ড০ সত্যনাথ গগৈ
3 অৱসৰ প্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ধৰ্মেশ্বৰ হাজৰিকা
4 প্ৰয়াত ক্ষীৰানন্দ চুতীয়া
5 শ্ৰীযুত নিত্যানন্দ গোঁহাই
6 শ্ৰীযুত প্ৰবীন ভৰালী
7 শ্ৰীযুত গোবিন্দ হাজৰিকা
8 শ্ৰীযুত হেমন্ত বৰুৱা দেৱ (বৰ্ত্তমান)

বৰ্ত্তমান পৰিচালনা সমিতি

কাৰ্যকাল: ২০১৭ চনৰ অক্টোবৰৰ পৰা ২০২০ চনৰ অক্টোবৰ মাহলৈ
সভাপতি
শ্ৰীযুত হেমন্ত বৰুৱা
উপঃ সভাপতি
শ্ৰীযুত সুৰেণ চাংমাই

অভিভাৱক সদস্য

শ্ৰীযুত ডিম্বেশ্বৰ গগৈ
শ্ৰীযুক্তা জুনু দেৱী
শ্ৰীযুক্তা জয়া হাজৰিকা
শ্ৰীযুক্তা মমী বৰুৱা
শ্ৰীযুক্তা বীণা হাজৰিকা
শ্ৰীযুক্তা প্ৰভাৱতী হাজৰিকা
শ্ৰীযুত কুশল চুতীয়া
শ্ৰীযুত ত্ৰিদিপ গগৈ
শ্ৰীযুত ৰতন ভঁৰালী
ৱাৰ্ড মেম্বাৰ
শ্ৰীযুক্তা দিপালী বৰুৱা হাজৰিকা
শিক্ষক সদস্য
শ্ৰীযুত তৰুণ শৰ্মা
গাঁৱৰ সদস্য
শ্ৰীযুত পদ্মেশ্বৰ বৰগোঁহাই
সম্পাদিকা
শ্ৰীযুক্তা অঞ্জনা কোঁছ