
Achievements
Achievement Gallery
Recent Achievements
সহকাৰী শিক্ষক শ্ৰী ভোগেন শইকীয়ালৈ জিলা “কৃতী শিক্ষক বঁটা”
বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত ভোগেন শইকীয়া মহাশয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত মধুৰ সম্পৰ্ক ৰাখি বিদ্যালয়খন আগুৱাই লৈ যোৱাত অক্লান্ত পৰিশ্ৰমেৰে সহায় কৰাৰ বাবে চৰকাৰী স্বীকৃতি হিচাবে এই বছৰ ইং ০৫-০৯-২০২৬ তাৰিখে জিলা “কৃতী শিক্ষক বঁটা” লাভ কৰে।

ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত
ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) ৰ সফল ৰূপায়ণ আৰু মানসম্পন্ন বুনিয়াদী শিক্ষাৰ স্বীকৃতি স্বৰূপে বিদ্যালয়খন ভাৰত চৰকাৰৰ সন্মানীয় পি এম শ্ৰী আঁচনিৰ অধীনত আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত হয়।

জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বঁটা
৭৭সংখ্যক গণৰাজ্য দিৱসত মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰা জিলাৰ "শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি" বঁটা লাভ কৰা মুহূৰ্ত।


দবা খেল প্ৰতিযোগিতাত প্ৰথম স্থান
পি এম শ্ৰী বিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত দবা খেল প্ৰতিযোগিতাত নিম্ন শাখাত পঞ্চম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী গুঞ্জন চেতিয়াই প্ৰথম স্থান লাভ কৰি বঁটা লোৱা মুহূৰ্ত।

দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাৰ ফলাফল
৭৪তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত অনলাইন দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাত বিদ্যালয়ৰ একাধিক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে।
Read Moreঅৱসৰগ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা
বিদ্যালয় পৰিয়ালৰ পৰা অবসৰ গ্ৰহণ কৰা কিছুমান দীৰ্ঘদিনীয়া শিক্ষক-শিক্ষয়িত্ৰীক সন্মানজনকভাবে সম্বৰ্ধনা আগবঢ়োৱা হয়।
Read More



