২০২৬–২৭ বৰ্ষৰ লখিমপুৰ জিলাৰ “শ্ৰেষ্ঠ পি এম শ্ৰী বিদ্যালয়” বঁটা লাভ — Best PM SHRI School of Lakhimpur District 2026–27

November 13, 2026

November 13, 2026
Achievement

২০২৬–২৭ বৰ্ষৰ লখিমপুৰ জিলাৰ “শ্ৰেষ্ঠ পি এম শ্ৰী বিদ্যালয়” বঁটা লাভ — Best PM SHRI School of Lakhimpur District 2026–27

ইং ১৩ নৱেম্বৰ ২০২৬ তাৰিখে সমগ্ৰ শিক্ষা লখিমপুৰ আৰু জিলা আয়ুক্ত, লখিমপুৰৰ দ্বাৰা পি এম শ্ৰী বিদ্যালয়ৰ ৬টা শৈক্ষিক ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ক ২০২৬–২৭ বৰ্ষৰ লখিমপুৰ জিলাৰ “শ্ৰেষ্ঠ পি এম শ্ৰী বিদ্যালয়” (Best PM SHRI School 2026–27) বঁটা আৰু ৰানিং ট্ৰফী প্ৰদান কৰা হয়।

পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ বাবে এক ঐতিহাসিক গৌৰৱৰ মুহূৰ্ত! ইং ১৩ নৱেম্বৰ ২০২৬ তাৰিখে লখিমপুৰ জিলাৰ জিলা আয়ুক্ত (District Commissioner, Lakhimpur) আৰু সমগ্ৰ শিক্ষা, লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়কৰ (ADC & DMC, Samagra Shiksha, Lakhimpur) দ্বাৰা বিদ্যালয়খনক ২০২৬–২৭ বৰ্ষৰ লখিমপুৰ জিলাৰ “শ্ৰেষ্ঠ পি এম শ্ৰী বিদ্যালয়” (Best PM SHRI School 2026–27) হিচাপে নিৰ্বাচিত কৰি সন্মানীয় ৰানিং ট্ৰফী আৰু প্ৰশংসা পত্ৰ (Certificate of Appreciation) প্ৰদান কৰা হয়। পি এম শ্ৰী বিদ্যালয়ৰ ৬টা শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতে (Six Domains of Excellence) বিদ্যালয়খনে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে: ১. পাঠ্যক্ৰম, শিক্ষণ-শিকন পদ্ধতি আৰু মূল্যায়ন (Curriculum, Pedagogy and Assessment) ২. প্ৰৱেশাধিকাৰ আৰু আন্তঃগাঁথনি (Access and Infrastructure) ৩. মানৱ সম্পদ আৰু বিদ্যালয় নেতৃত্ব (Human Resources and School Leadership) ৪. অন্তৰ্ভুক্তিমূলক ব্যৱস্থা আৰু লিংগ সমতা (Inclusive Practices and Gender Equity) ৫. ব্যৱস্থাপনা, নিৰীক্ষণ আৰু সুশাসন (Management, Monitoring and Governance) ৬. হিতাধিকাৰীৰ সন্তুষ্টি (Beneficiary Satisfaction) এই গৌৰৱময় সাফল্যৰ বাবে প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি (SMC), অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ঘিলামৰাবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনোৱা হৈছে।