
সহঃ পাঠ্যক্ৰমিক কাৰ্যক্ৰম
উৎসৱ আৰু সাংস্কৃতিক কাৰ্যক্ৰম
ৰাষ্ট্ৰীয় উৎসৱ
- স্বাধীনতা দিৱস
- গণতন্ত্ৰ দিৱস
- যোগদিৱস
- শিশু দিৱস
- বাৰ্ষিক খেল-ধেমালি
সাংস্কৃতিক দিৱস
- বিষ্ণু ৰাভা দিৱস
- শিল্পী দিৱস
- সুধাকণ্ঠ দিৱস
প্ৰশিক্ষণ কাৰ্যক্ৰম
প্ৰশিক্ষিত ব্যক্তিৰ দ্বাৰা সহঃ পাঠ্যক্ৰম যেনে মাৰ্চ-পাষ্ট, নৃত্য, ছবি, গীত আদি শিক্ষাদানৰ ব্যৱস্থা।
কৰ্ম শিক্ষা (হাতৰ কাম)
1
অসমীয়া বৰ্ণ কাৰ্ড, ইংৰাজী বৰ্ণ কাৰ্ড, যুক্তাক্ষৰযুক্ত শব্দকাৰ্ড বনাবলৈ শিকিব
2
কাগজৰ সহায়ত বিভিন্ন সাজ-পোচাক, বিভিন্ন আৰ্হিৰ খাম, স্কেল আদি বনাবলৈ শিকিব
3
মাটিৰ পুতলা, বাচন, নাওঁ, কেটেপা-গুটি আদি বনাবলৈ শিকিব
স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা
চাফ-চিকুণতাৰ বাবে ছাত্ৰ-ছাত্ৰীক পৰ্যবেক্ষণ
প্লাষ্টিকৰ বল দলিওৱা অনুশীলন কৰা
ভৰিৰ আঙুলিৰ ওপৰত থিয়হৈ সন্মুখৰ ফালে খোজ কাঢ়িব
খেল যেনে- সংগীত চকী, উঠা-বহা, পানীপাৰ, এঠেঙীয়া দৌৰ আদি খেলিব
মাৰ্চ-পাষ্ট সম্পূৰ্ণভাৱে শিকিবলৈ যত্ন কৰিব
মাটিত বহি ভৰি দুখন পোনকৈ মেলি মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰিব
দীঘল জাঁপ মৰা শিকিব
১০০ মিটাৰ দৌৰিবলৈ শিকিব
সমুখলৈ হাউলি এখন ভৰি পিছফালে দাঙি ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকিব
গোলাকৃতিত থিয় হৈ কেইবাজনে একেলগে পখিলাৰ দৰে জগিং কৰিব
স্থানীয় খেল খেলিব
খোৱাৰ আগত আৰু খোৱাৰ পিছত চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা কৰিব
কলা শিক্ষা
1
ভালপোৱা প্ৰাকৃতিক দৃশ্য, গাঁৱৰ পৰিৱেশৰ ছবি আঁকিবলৈ শিকিব
2
ঢোল, খোল, পেঁপা, বাঁহী আদিৰ বিষয়ে ধাৰণা লাভ কৰিব আৰু সংগীতত সেইবোৰৰ ব্যৱহাৰ কৰিবলৈ শিকিব
3
স্থানীয় অথবা বিভিন্ন লোকনৃত্য সমূহ দলগতভাৱে নাচিবলৈ অভ্যাস কৰিব
4
পাঠ্যপুথিত থকা গল্প, নাট আদিৰ লগতে সমাজৰ বিভিন্ন বৃত্তিধাৰী লোকসমূহৰ মাত, সংলাপ সমূহ ভাও বা অভিনয় কৰিবলৈ শিকিব
5
শ্ৰেণীকোঠাৰ ভিতৰ কিম্বা বাহিৰৰ পৰিৱেশৰ বিভিন্ন বস্তুসমূহৰ আকাৰ-আকৃতি, ৰং আদি প্ৰত্যক্ষ কৰি তাৰ ছবি অংকন কৰিব
