Page Header Background

ছাত্ৰ-অভিভাৱকৰ দায়িত্ব

একেলগে গঢ়ি তোলোঁ উন্নত ভৱিষ্যত

ছাত্ৰ-ছাত্ৰীৰ সংকল্প

এইখন আমাৰ বিদ্যালয়

আমি সদায় বিদ্যালয়লৈ পৰিস্কাৰ হৈ আহিম

বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম

বন্ধু-বান্ধৱীৰ লগত মিলাপ্ৰীতিৰে থাকিম

বিদ্যালয়ৰ নীতি-নিয়ম মানি চলিম

এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন

আমি শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলৰ প্ৰতি উচি্ত সন্মান প্ৰদৰ্শন কৰিম

আমি শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনিম

আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লোঁ

ছাত্ৰ-সংসদ

প্ৰতি মাহৰ প্ৰথম সপ্তাহত প্ৰতি শ্ৰেণীৰ পৰা সদস্য নিৰ্বাচন কৰি ছাত্ৰ সংসদ গঠন কৰা হয়

ছাত্ৰ সংসদৰ বিভাগ সমূহ

👑
প্ৰধান সেৱক
🎭
কৃষ্টি সেৱক
🏥
স্বাস্থ্য সেৱক
🧹
চাফাই সেৱক
🛡️
শান্তিৰক্ষা সেৱক
📚
সাহিত্য শাখাৰ সেৱক

ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা প্ৰস্তাৱ অনুসৰি নিৰ্বাচন কৰা হয়

অভিভাৱকৰ দায়িত্ব আৰু কৰণীয়

1 বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সুন্দৰ কৰি ৰখাত সহায় কৰা
2 বিদ্যালয়লৈ শিশুটিক সময়মতে পঠোৱা
3 বিদ্যালয়ত উপস্থিতি নিয়মীয়া কৰা
4 বিদ্যালয়লৈ প্ৰত্যেক দিনৰ বাবে নিৰ্দ্ধাৰিত সমসাজ চাফ-চিকুণকৈ পিন্ধি অহাত সহায় কৰা
5 শিশুটিৰ নখ-চুলি চুটিকৈ কাটি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে বিদ্যালয়লৈ পঠোৱা
6 শিশুটি বেগৰ ওজন 'ক' শ্ৰেণী পৰা দ্বিতীয় শ্ৰেণীলৈ ১.৫ কিলোগ্ৰাম আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৩ কিলোগ্ৰামতকৈ কম হোৱাটো নিশ্চিত কৰা
7 মধ্যাহ্ন ভোজনৰ বাবে ('ক' শ্ৰেণীৰ বাদে) একোখনকৈ কাঁহী বেগত দি পঠোৱা
8 শিশুটি বিদ্যালয়লৈ আহিব নোৱাৰিলে বা বিদ্যালয়ৰ পৰা অৰ্দ্ধছুটীত নিব লগা হ'লে বিদ্যালয় কতৃপক্ষক জনাই নিৰ্দিষ্ট বহীত স্বাক্ষৰ কৰিহে নিয়াৰ ব্যৱস্থা কৰা
9 বিদ্যালয় চৌহদত পলিথিন বা পলিথিন জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰেৰণা যোগোৱা
10 বিদ্যালয়ত পালন কৰা সকলো উৎসৱত শিশুটি উপস্থিত থকাটো নিশ্চিত কৰা
11 বিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাত বিদ্যালয় কতৃপক্ষক অভিভাৱক সকলে সহযোগিতা আগবঢ়োৱা
12 "অভিভাৱক সভা"ত অভিভাৱকৰ উপস্থিতি এশ শতাংশ নিশ্চিত কৰা
13 শিশুৰ স্কুল-বেগত প্ৰয়োজনীয় শিক্ষণ-শিকণ সামগ্ৰী থকাটো নিশ্চিত কৰা
14 "শিশু পৰিচয়-পত্ৰ" বিদ্যালয়লৈ অনাটো নিশ্চিত কৰা
15 শিশুটিৰ ব্যক্তিগত সমস্যাৰ বিষয়ে শ্ৰেণী শিক্ষকক মুক্ত মনে অৱগত কৰা
16 বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে জ্যেষ্ঠজনৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰিবলৈ শিকোৱা
17 বিদ্যালয়ৰ সম্পত্তি তথা যিকোনো ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল হ'বলৈ শিকোৱা